6 Social Science Ch:2

 Chapter:2---- পৃথিৱীৰ আকাৰ আৰু আকৃতি

অনুশীলনী:

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) কৰ্কট ক্ৰান্তি কাক বোলে?

উত্তৰ:- বিষুৱ ৰেখাৰ পৰা উত্তৰে ২৩.৫ ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে থকা অংশক কৰ্কটক্ৰান্তি বোলা হয় ।

(খ) তাপ মণ্ডল তিনিটা কি কি?

উত্তৰ:- তাপ মণ্ডল তিনিটা হৈছে- গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল |

(গ) অক্ষৰেখা কাক বোলে?

উত্তৰ:-বিষুৱৰেখাৰ সমান্তাৰালকৈ ক্ৰ্মে উত্তৰ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এইবোৰকে অক্ষৰেখা বোলে |

(ঘ) দ্ৰাঘিমাৰেখা কাক বোলে?

উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু স্ংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়, এই ৰেখাবোৰকে দ্ৰাঘিমাৰেখা বোলা হয় |

(ঙ) গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম কিয় হয়?

উত্তৰ:- গ্ৰীষ্মমণ্ডল পৃথিৱীৰ দুই গোলাৰ্ধৰ সো-মাজত অবস্থিত হোৱাৰ বাবে বছৰটোৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি পোনপোটিয়াকৈ পৰে | ফলত এই অঞ্চলৰ উষ্ণতা আটাইতকৈ অধিক উষ্ম ।

(চ) বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত?

উত্তৰ:- বিষুৱ ৰেখা গ্ৰীমণ্ডলত অৱস্থিত ।

(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোটা মাৰি থাকে?

উত্তৰ:- মেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াভাবে পৰে বাবে ইয়াত সূৰ্যৰ উত্তাপ একেবাৰেই কম আৰু শীতৰ তীব্ৰতা অধিক । যাৰ বাবে ইয়াত সাগৰৰ পানী গোটা মাৰি থাকে ।

(২) কেৱল উত্তৰ দিয়া-

(ক) কৰ্কটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে?

উত্তৰ:- উত্তৰ গোলাৰ্ধত  ।

(খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে?

উত্তৰ:- দ্ৰাঘিমাৰেখা ।

(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে?

উত্তৰ:-  ওপৰৰ পিনে ।

(ঘ) বিষুৱ ৰেখাৰ অক্ষাংশ কিমান?

উত্তৰ:- ০ 

(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা?

উত্তৰ:- উত্তৰ গোলাৰ্ধৰ ।

(৩) শুদ্ধটোত () চিন দিয়া-

(ক) মুখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে--

(১) ৯০   (২) ০    (৩) ৬৬ 

উত্তৰ:- ০০  

(খ) শীত মণ্ডলৰ অৱস্থান হৈছে--

(১) মেৰু অঞ্চলত (২) বিষুৱীয় অঞ্চলত

উত্তৰ:- মেৰু অঞ্চলত |

(গ) বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?

(১)  ৬৬ / দক্ষিণ অক্ষাংশ (২) ২৩ / দক্ষিণ অক্ষাংশ (৩) ২৩ /  উত্তৰ অক্ষাংশ

উত্তৰ:- ২৩ / দক্ষিণ অক্ষাংশ

(ঘ)    ৰ অন্তৰে অন্তৰে দ্ৰাঘিমাৰেখাৰ মুঠ সংখ্যা হ'ব--

(১) ১৮০ ডাল (২) ৩৬০ ডাল (৩) ৯০ ডাল

উত্তৰ:-  ৩৬০ ডাল ।

(৪) (ক) বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি?

উত্তৰ:- বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে গ্ৰীষ্মমণ্ডল বিস্তৃত হৈ আছে | 

(খ) সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাবে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে?

উত্তৰ:- সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাবে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে গোটা অৱস্থাত অৰ্থাৎ বৰফ হৈ থাকে ।

Comments

Popular posts from this blog