6 Social Science Ch:1

 Chapter 1:  সৌৰজগতত আমাৰ পৃথিৱী

অনুশীলনী: 

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা--

(ক) সৌৰজগত বুলিলে কি বুজা?

উত্তৰ:- সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বুলে |

(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা |

উত্তৰ:- সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰ হ'ল বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন |

(গ) সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা |

উত্তৰ:- সূৰ্য আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্জ্বল নক্ষত্ৰ | ইয়াৰ ওপৰৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াচ | সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-উচৰি  | সূৰ্যই হ'ল সকলো শক্তিৰ উৎস | সূৰ্যৰ বাবেই পৃথিৱী গ্ৰহত জীৱন ধাৰণ সম্ভৱ হৈছে|

(২) উত্তৰ লিখা--

(ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়?

উত্তৰ:- নিজৰ পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বুলি কোৱা হয়

(খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?

উত্তৰ:- পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হ'ল শুক্ৰ |

(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?

উত্তৰ:- আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটো হ'ল সূৰ্য |

(ঘ) ৰাতিৰ আকাশত তীব্ৰভাবে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিন্দ্ববোৰক কি বুলি জনা যায়?

উত্তৰ:- ৰাতিৰ আকাশত তীব্ৰভাবে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিন্দ্ববোৰক উল্কাপিন্দ বুলি জনা যায় |

(৩) পাঠৰ চিত্ৰ-৩ ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যৱেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা--

(ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?

উত্তৰ:- সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন |

(খ) ইউৰেনাচ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?

উত্তৰ:- ইউৰেনাচ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহ দুটাৰ মাজত অৱস্থিত |

(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?

উত্তৰ:- সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান ৩ নম্বৰ স্থানত |

(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ:- সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি |

(ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়?

উত্তৰ:- গ্ৰহাণুপুঞ্জবোৰ মঙ্গল আৰু বৃহস্পতি গ্ৰহ দুটাৰ মাজত দেখা যায় |

(৪) শুদ্ধ উত্তৰটো লিখা--

(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?

(১) বুধ (২) শুক্ৰ (৩) মঙ্গল (৪) শনি

উত্তৰ:- শুক্ৰ |

(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিন্দবোৰ হ'ল--

(১) ধুমকেতু (২) গ্ৰহাণুপুঞ্জ (৩) উপগ্ৰহ (৪) নক্ষত্ৰ 

উত্তৰ:- ধুমকেতু |

Comments

Popular posts from this blog