6 Social Science Ch:3
Chapter: 3-- পৃথিৱীৰ গতি
(1) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া--
(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে?
উত্তৰ:- পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত ৬৬১/২ ডিগ্ৰী কোণ কৰি আছে
(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা সময় লাগে।
(গ) পোহৰ বৃত্ত কাক বোলা হয়?
উত্তৰ:- পৃথিৱীখনত দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে তাকে পোহৰৰ বৃত্ত বোলে।
(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে?
উত্তৰ:- বছৰৰ ২১ জুন আৰু ২২ ডিচেম্বেৰত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে।
(২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া--
(ক) আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা?
উত্তৰ:- পৃথিৱীয়ে যেতিয়া নিজৰ কক্ষপথত এপাক ঘূৰে তেতিয়া দিন-ৰাতি হয় আৰু তাক আহ্নিক গতি বোলে, আনহাতে পৃথিৱীয়ে যেতিয়া সূৰ্যৰ চাৰিওফালে এপাক ঘুৰে তেতিয়া ঋতুৰ পৰিবৰ্তন হয় আৰু তাক বাৰ্ষিক গতি বোলে।
(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা ।
উত্তৰ:- আহ্নিক গতিৰ ফলত পৃথিৱীয়ে নিজৰ কক্ষপথত নিজকে এপাক প্ৰদক্ষিণ কৰে, তেতিয়া পৃথিৱীৰ এটা অংশত সূৰ্যৰ পোহৰ পৰে আৰু তাৰ বিপৰিত অংশত সূৰ্যৰ পোহৰ নপৰে। পোহৰ পৰা অংশত দিন আৰু নপৰা অংশত ৰাতি হয়, এনকৈয়ে আহ্নিক গতিৰ ফলত দিন-ৰাতি হয়।
উদাহৰণ স্বৰূপে এটা গোলক আৰু এটা টৰ্চ লাইট লোৱা হওক। এতিয়া এজনে টৰ্চলাইটতো গোলকতোৰ ফালে জ্বলাই দিয়া এতিয়া আনএজনে গোলকতো পূবৰ পৰা পশ্চিমলৈ ঘূৰাই দিয়া । এনেদৰে ঘূৰাই থাকোতে এটা অংশত পোহৰ পৰিব আৰু বাকী অংশত এন্ধাৰ হ'ব এনেদৰে পৃথিৱীত দিন - ৰাতি হয়।
(গ) অধিবৰ্ষ বুলিলে কি বুজা?
উত্তৰ:- পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা লাগে। সাধাৰনতে এবছৰত ৩৬৫ দিন ধৰা হয়, অৰ্থাৎ ৬ ঘণ্টা ৰৈ যায়। এনেকৈ চাৰি বছৰত ২৪ ঘণ্টা হয়গৈ অৰ্থাৎ ১ দিন। এনেকৈয়ে প্ৰতি ৪বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰি মাহত ২৮ দিনৰ পৰিবৰ্তে ২৯ দিন ধৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বোলা হয়।
(ঘ) কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য নিৰূপণ কৰা।
উত্তৰ:- কৰ্কট সংক্ৰান্তিত সূৰ্যৰ পোহৰ কৰ্কট ক্ৰান্তিৰ উপৰত লম্বভাৱে পৰে আৰু সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰে থকা ঠাইসমূহত দিন আটাইতকৈ দীঘ্ল আৰু ৰাতি আটাইতকৈ চুটি হয় তেতিয়া উত্তৰ গোলাৰ্ধত গ্ৰীষ্ম কাল আৰু দক্ষিণ গোলাৰ্ধত শীতকালে বিৰাজ কৰে। আনহাতে মকৰ সংক্ৰান্তিত সূৰ্যৰ পোহৰ মকৰ ক্ৰান্তিৰ উপৰত লম্বভাৱে পৰে। সেইদিনা দক্ষিণ গোলাৰ্ধত দিন দীঘ্ল, ৰাতি চুটি আৰু উত্তৰ গোলাৰ্ধত দিন চুটি, ৰাতি দীঘ্ল হয়। সেই সময়ত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকালে বিৰাজ কৰে।
(ঙ) পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেতেন বুজাই লিখা।
উত্তৰ:- পৃথিৱীত বাৰ্ষিক গতি নথকাহেঁতেন ঋতু বিৰাজ নহলেহেঁতেন, সাজ-পাৰ, খাদ্য পৰিৱৰ্তন নহলেহেঁতেন, উদ্ভিদৰ পৰিৱৰ্তন নহলেহেঁতেন, মানুহৰ উৎসৱ-পাৰ্ৱন আদিৰ পালন নহলেহেঁতেন।
(চ) পৃথিৱীৰ কক্ষপথত বুলিলে কি বুজা? কক্ষপথৰ এটা চিত্ৰ আঁকি দেখুওৱা।
উত্তৰ:- পৃথিৱীয়ে যিটো উপবৃত্তকাৰ পথৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে তাকে পৃথিৱীৰ কক্ষপথ বোলা হয়।
(৩) শুদ্ধ উত্তৰবোৰত( ) চিন দিয়া--
(ক) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি?
(১) আহ্নিক গতি (২) মেৰুদণ্ড (৩) বাৰ্ষিক গতি
উত্তৰ:- বাৰ্ষিক গতি।
(খ) বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে?
(১) ২১ মাৰ্চ (২) ২১ জুন (৩) ২২ ডিচেম্বৰ
উত্তৰ:- ২১ মাৰ্চ।
(গ) পৃথিৱীৰ উপৰিভাগত ঋতু পৰিবৰ্তন হোৱাৰ কাৰণ--
(১) বাৰ্ষিক গতি (২) আহ্নিক গতি (৩) এই দুটা গতিৰ এটাও নহয়
উত্তৰ:- বাৰ্ষিক গতি।
(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল--
(১) ৩৬৫ দিন (২) ৩৬৬ দিন (৩) ৩৬৫ ১/২ দিন
উত্তৰ:- ৩৬৬ দিন
(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল--
(১) ২৩ ছেপ্তেম্বৰ (২) ২১ মাৰ্চ (৩) ২২ ডিচেম্বেৰ
উত্তৰ:- ২২ ডিচেম্বেৰ।
(৪) খালী ঠাই পূৰ কৰা--
(ক) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে .......... বোলে।
উত্তৰ:- আহ্নিক গতি
(খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক ........... বোলে।
উত্তৰ:- কক্ষপথ
(গ) .......... ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়।
উত্তৰ:- শীত
(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আঁৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম ..........।
উত্তৰ:- বিষুৱ ৰেখা
(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ .......... গোলাৰ্ধত কল্পনা কৰা হৈছে।
উত্তৰ:- দক্ষিণ
(চ) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত .......... কোণ কৰি হেলনীয়া হৈ থাকে।
উত্তৰ:- ৬৬১/২ ০
Thank you so much
ReplyDeleteThank you 🌝
Delete